পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬০
চতুৰ্থ স্কন্ধ।

সূত কহে হেন শুনি পাচে দ্বৈপায়ণ।
কহিবে লাগিল পূৰ্ব্বকথা বিচক্ষণ॥
পদ বাহুল্যক ডৰে বৰ্ণিলো সংক্ষেপে।
শুনা আবে ব্যাস কহিলন্ত যেন ৰূপে॥

ব্যাসদেবৰ উত্তৰ॥

ব্যাসকহে পূৰ্ব্বে পঞ্চ দশ যুগ কালে। ৯৫
প্ৰাণীৰ দুষ্কৃতে ইন্দ্ৰ বৃষ্টি নাকৰিলে॥
ভৈল অনা বৃষ্টিমহা দুৰ্ভিক্ষ উৎপন্ন।
গৃহে গৃহে মৰাশৱ ভৈল সংখ্যা হীন॥
কেহো ঘোড়া বৰাহ শূকৰ মাৰি খায়।
কেহো বা ভোকত মনুষ্যৰ শব খায়॥
জননী বালক খায় পুৰুষে স্ত্ৰীখায়।
এহিৰূপে দুৰ্ভিক্ষে ধৰনী শূন্যহয়॥
তবে বহুত্তৰ বিধ্ৰ মিমংসা কৰিল।
চাৰিয়ো দিশৰ দ্বিজ একেলগ ভৈল॥
গায়ত্ৰী সেবক গৈতমৰ স্থানে গই।
দুৰ্ভিক্ষৰ পীড়া পাচে মুনিত জনাই॥
ঋষিকহে মই দাৰ আছো বৰ্ত্তমান।
উপায় কৰিবো শীঘ্ৰ দুৰ্ভিক্ষ বাৰণ॥