পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫৯
শ্ৰীদেৱীভাগৱত।


মূল প্ৰকৃতিৰ তত্ব নুবুজি পামৰ।
পাপ কৰি পৰে কুম্ভি পাকৰ ভিতৰ॥
এতেকতে সৰ্ব্ব আত্মা শক্তি মাত্ৰ সেব্য।
পৰম ঈশ্বৰী সৰ্ব্ব প্ৰকৃতি সম্ভব॥

জন্মেজয়ৰ প্ৰশ্ন।

জন্মেজয় বদতি শুনিয়ো মহাভাগ।
তুমি সৰ্ব্বজ্ঞানী সৰ্ব্ব শাস্ত্ৰত পাৰগ॥
শুনিলো ব্ৰাহ্মণ সবে শক্তি উপাসক।
তিনি সন্ধ্য৷ কালে দ্বিজে উপাসে সন্ধ্যাক॥
তাক এড়ি আবে কেনে অন্য দেব লয়।
দৈখিছো বৈষ্ণব কতো গনেশ পূজয়॥
কতো কপালিক পূৰ্ণভাগে অভিষিক্ত।
বাকলি পিন্ধয় কতো কেবলে নাঙ্গট॥
কতো বৌদ্ধ জৈন কতো মুক্ত দিগম্বৰ।
দেখো বহুলোকে সন্ধ্যা কৈল পৰিহাৰ॥
পণ্ডিত কুতৰ্কি বুদ্ধিমন্ত বিচক্ষণ।
কহিবা বুজাই বেদ এৰে কিকাৰণ॥
আৰু মনিদ্বীপৰ মহিমা কহা গুৰু।
কোনৰূপ সিটো দেবীস্থান কল্পতৰু॥