পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
চতুৰ্থ স্কন্ধ।

সুখে ধৰ্ম্ম নাশকৰে ইউ বৰ চিন্তা।
সতিনীৰ তেজে আৰু তাতোকৰি চিন্তা॥
কিন্তু শত্ৰুনট ভৈলে ৰাজ্য লক্ষ্মী বৃদ্ধি।
এতেকতে শত্ৰুবধ, কৰি কোন বুদ্ধি॥
লোহামাৰি গৰ্ভপাত কৰহ তাহাৰ।
যিকোন উপায়ে আজি কৰহ সংহাৰ॥
মিতুৰালী পাতি কিবা কোনো চলেবলে।
গৰ্ভ ছেদি মোৰপ্ৰীতি সাধহ কুশলে॥
ব্যাসদেব কহে ৰাজা মাতৃ বাক্য শুনি।
চিন্তিত ভৈলন্ত শত্ৰু মনে ভাবি গুণি॥
বিমাতৃৰ সমীপে চলিল দেবৰাজ।
পাপমতি ইন্দ্ৰ প্ৰণামিল পদৰাজ॥
মুখে মধু হৃদেক্ষুৰ বিষবহ্নি সৰি।
বন্দিল মাসীৰ পদে নম্ৰভাব ধৰি॥


অথ দিতিৰ গৰ্ভপাত॥

পদ

ইন্দ্ৰ নিগদতি আই তুমি ব্ৰত ধৰি।
হইছা দুৰ্ব্বল বৰ সদা ক্লেশ কৰি॥