পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫৮
চতুৰ্থ স্কন্ধ

সাবিত্ৰী তপিল ষাঠি হাজাৰ বৎসৰ।
সকলৰে বন্দনীয়া ভৈল তাতপৰ॥
একশত মন্বন্তৰ শঙ্কৰে তপিল।
শত মন্বন্তৰ ব্ৰহ্মা দেবে তপ কৈল॥
বিষ্ণুয়ে তপিল তাঙ্ক শত মন্বন্তৰ।
কৃষ্ণে তপিলন্ত আৰু শত মন্বন্তৰ॥
শত মন্বন্তৰ ধৰ্ম্মৰাজায়ে তপিল।
এহি ৰূপে সৰ্ব্বে তপি নিজ শক্তি পাইল॥
তুমিয়ো ভজাহা মুনি পাবা শক্তি পদ।
সৰ্ব্বজয় সৰ্ব্ব সিদ্ধি লভিবা সম্পদ
এতগুনি ব্ৰহ্মা-পুত্ৰে শক্তি মন্ত্ৰ লৈল।
মুনিক প্ৰনামি পাছে শূন্য স্থানে গৈল॥
ব্যাস নিগদতি নৃপ পূৰ্ব্বে আদি যুগে।
পৰাশক্তি সেবক আছিল সৰ্ব্বলোকে॥
ব্ৰাহ্মন ক্ষত্ৰিয় বৈশ্য শক্তি উপাসক।
গায়ত্ৰী উপাসকাৰী ছিল সৰ্ব্বলোক॥
গায়ত্ৰী তিয়াগি দ্বিজে শিব-বিষ্ণু ভজে।
সিটোজন জানা সত্য নৰকত পছে॥
নিত্য উপাসিত দেব শিব বিষ্ণু নোহে।
উপাস্য গায়ত্ৰী মাত্ৰ সৰ্ব্ব বেদে কহে॥