পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীদেবীভাগৱত।

শালগ্ৰাম হাতে লই মিছা বাক্য কহে।
ব্ৰহ্মাৰ দিবস মানে কুম্ভীপাকে ৰহে॥
শালগ্ৰামে ধৰি যিটো সত্য নাহি পালে।
লক্ষ মন্বন্তৰ পাছে আসিপত্ৰ বনে॥
তুলসীৰ বিনা যিটো ৰাখে সালগ্ৰাম।
জন্মান্তৰে ভৰ্য্যাহীন হোৱে সিটোজন॥
তুলসী বিহীনে শঙ্খপাত্ৰে কৰে পূজা।
সিয়োজন জন্মান্তৰে নাহি মিলে ভাৰ্য্যা॥
তাতপাছে সপ্ত জন্ম মহাৰোগী হোৱে।
নানা ৰোগে ভুগি সিটো মহাদুঃখ পাৱে।
শাল গ্ৰাম তুলসী শঙ্খ একত্ৰে ৰাখয়।
সিটো মহাজ্ঞানী সাক্ষততে হৰি হয়॥
সিটো যাত বীৰ্য্যধান কৰে একবাৰ।
তাহাৰ বিচ্ছেদে হোৱে ৰমনী কাতৰ॥
তুষি এক মন্বন্তৰ শঙ্খচুড় সমে।
বিহৰি বিচ্ছেদ আবে দুঃখ পালা যেনে॥
সেহিৰূপে সিয়ো নাৰী সিজন সহিতে।
বাৰেক প্ৰণয় দুঃখ লভন্ত বিচ্ছেদে॥
এতমানকহি হৰি নিযমি ৰহিল।
প্ৰাণ ত্যাগি তুলসীয়ো দেহ লীন ভৈল॥