পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫৬
চতুৰ্থ স্কন্ধ।

দিব্যৰূপ ধৰি লক্ষ্মীকান্তৰ সহিত।
ৰত্ন বিমানত চড়ি বৈকুণ্ঠে গৈলন্ত॥
লক্ষ্মী সৰস্বতী গঙ্গা তুলসী সহিত।
চাৰিজন হৰিভাৰ্য্যা কহিলো তোমাত॥
তুলসীৰ দেহে জন্ম ভৈলন্ত গণ্ডুকী।
শিলাৰূপী ভগবান তীৰে ভৈল তথি॥
কীটে দংশি বহু বিধ শিল৷ নিৰ্ম্মানয়।
জলে পৰে যিটো সব ফলদাতা হয়॥
স্থানেপৰে যিটো সব হোৱন্ত পিঙ্গল।
উপতাপ উপদ্ৰব কৰে অমঙ্গল॥
নবম স্কন্ধৰ চতুৰ্ব্বিংশ অধ্যাপদ।
তুলসী মহাত্মা নাম শঙ্খচুড় বধ॥
ভণিল গোপালে পুৰে ভক্ত মনকাম।
পাতেক চাড়োক ডাকি বোলা ৰাম ৰাম॥

নাৰদৰ প্ৰশ্ন।

নাৰদ বদতি দেব সংক্ষেপে বৰ্ণিলা।
প্ৰকৃতি লক্ষণ সবিশেষে নকহিলা॥
পঞ্চবিধ তত্ব দমে তুলসী পূজন।
পঞ্চ দেবতাৰ পূজা কৰহ কীৰ্ত্তন॥