পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫৪
চতুৰ্থ স্কন্ধ।


যিটোনৰে শালগ্ৰাম জলে শান্তিকৰে।
সৰ্ব্বতীৰ্থ স্নান সৰ্ব্ব যজ্ঞফল ধৰে॥
পৃথিবী ভ্ৰমণে সৰ্ব্বদানে যিবাপুন্য।
সৰ্ব্বতীৰ্থ স্নান আৰু ব্ৰত আচৰণ॥
বেদপাঠে যিবাপুন্য তপে যিবাফল।
শালগ্ৰাম অৰ্চ্ছনত মিলয় সকল॥
দেবৰ বাঞ্চিত ফল মিলয় নিতান্ত।
সিজনৰ স্পৰ্শ সৰ্ব্ব তীৰ্থেয়ো প্ৰাৰ্থন্ত॥
মুক্তহুই জীব অন্ত হৰিপদ পায়।
হৰি সমে ৰহে তথা অসংখ্য প্ৰলয়॥
শালগ্ৰাম অৰ্চ্ছন্ত সেবক যিটোজন।
তাৰগন্ধে ব্ৰহ্মহত্যা কৰে পলায়ন॥
তাৰ পদৰজে কৰে ধৰনী পবিত্ৰ।
তাৰজন্মে লক্ষ পিতৃকুল হোৱে মুক্ত॥
শালগ্ৰাম জলমৃত্যু কালেকৰে পাণ।
সৰ্ব্বপাপে মুক্তকৰে বৈকুণ্ঠে গমন॥
কৰ্ম্মভোগ থণ্ডিলভে নিৰ্ব্বান মুকুতি।
বিষ্ণুপদে লীন হুই সাবন্ত জয়তি॥
ব্ৰহ্মাৰ দিন ১০০০ দিব্য যুগ হয়।
মনুষ্য মানে ৪০০০ যুগ। নিত্য প্ৰলয়।