পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫৩
শ্ৰীদেবীভাগৱত।

একে লগে দুই চক্ৰ সংলগ্ন সমান।
পৃষ্ঠ ভাগ সমস্থল নাম শঙ্কৰ্ষণ॥
বৰ্ত্তূল হৰিত বৰ্ণ সুন্দৰ শোভন।
অনিৰুদ্ধ গৃহস্থৰ মহা সুখ ধন॥
যৈতশাল গ্ৰামশিলা তৈতৰহে হৰি।
সৰ্ব্বতীৰ্থ লক্ষ্মীতাত থাকন্ত সুন্দৰী॥
ব্ৰহ্মহত্যা আদিকৰি যত পাপ চয়।
শাল গ্ৰাম পূজিলে সকল হোৱে ক্ষয়॥
ছত্ৰকাৰে ৰাজাহোৱে বৰ্ত্তুলে সম্পদ।
শকট আকাৰে দুঃখ শূলাকাৰে বধ॥
দৰিদ্ৰ বিকৃত মুখে পিঙ্গলত হানি।
ভগ্নচক্ৰে নানাৰোগ ফাটে মৃত্যুমানি॥
চক্ৰসমে বিদীৰ্ণ হোৱন্ত যিটৌশিলা।
তাঙ্কপুজা কৰেযিটো মৃত্যু আকৰ্ষিলা॥
এই সবশাল গ্ৰাম যিটোজন ৰাখে।
সৰ্ব্বস্যান্ত হয় সিটো দৈবৰ বিপাকে॥
নৰসিংহ মূৰ্ত্তি গৃহস্থৰ নোহেপূজ্য।
সন্যাসী পূজিযা তাঙ্ক লভয় বৈৰাগ্য॥
ব্ৰতদান প্ৰতিষ্ঠ৷ শ্ৰাদ্ধাদি দেবপূজা।
শালগ্ৰামে অৰ্চ্ছন প্ৰশস্ত সৰ্ব্বসিদ্ধ॥