পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫২
চতুর্থস্কন্ধ ।

বৃহত বৰ্ত্তূলকাৰ বনমালা হীন।
দুই চক্ৰ প্ৰস্ফূটিত দামোদৰ নাম॥
মধ্যম বৰ্ত্তূল দুই চক্ৰ বাণ চিহ্ন।
শৰতুন সমন্বিতে সি মূৰ্ত্তি শ্ৰীৰাম॥
মধ্যমীয়া সপ্তৰন্ধ্ৰ ছত্ৰ চিহ্নধৰ।
ৰাজ ৰাজেশ্বৰ নাম সম্পদ ৰাজাৰ॥
চতুৰ্দ্দশ ৰন্ধ্ৰ স্থল নব মেঘ প্ৰভ।
অনন্ত তাহাৰ নাম চতুব্বৰ্গ প্ৰদ॥
দুই ৰন্ধ্ৰ চক্ৰাকাৰ মেঘ সম বৰ্ণ।
শ্ৰীবৎস গোস্পদ ধাৰী শ্ৰীমধুসুদন॥
এক চক্ৰী সুদৰ্শন নাম ভগবান।
গুপ্ত চক্ৰী মূৰ্ত্তি গদাধৰ বুলি জান॥
হয় বক্ত্ৰ দ্বি চক্ৰ হয় গ্ৰীব নাম।
দ্বি চক্ৰ বিকট মুখ নৃসিংহ ভীষণ॥
বিস্তাৰ বদন বণমালা দ্বই চক্ৰী।
লক্ষ্মী নৰসিংহ নাম গৃহীমুখ দাত্ৰী॥
মুখে দুই চক্ৰ যাৰ শ্ৰীবৎস প্ৰস্ফূট।
সৰ্ব্ব ফলদাতা বাসুদেব নামে খ্যাত॥
নদীন নীৰদ বৰ্ণ বহু ক্ষুদ্ৰ চক্ৰ।
পদ্যুম্ন তাহাৰ নাম গৃহী সুখ প্ৰদ॥