পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫১
শ্ৰীদেবীভাগৱত ।

বৃক্ষ অধিষ্ঠাত্ৰী দেবী গোলোক বিহাৰী।
নিৰাময় কৃষ্ণে নিত্য ক্ৰীড়ন্ত সুন্দৰী॥
নদী অধিষ্ঠাত্ৰী দেবী ভাৰতে গণ্ডুকী।
মোৰ অংশে লোনা সমুদ্ৰৰ পত্নী সতী॥
বৈকুণ্ঠে মোহোৰ পাৰ্শ্বে তুমি মহা সাধ্বী।
লক্ষ্মী সম ৰমণে তোমাত বৰতুষ্টি॥
ভাৰতে গণ্ডুকী তীৰে তোমাৰ শাপত।
শৈলৰূপে ময়ো থাকি বোহো অবিৰত॥
কোটি সংখ্যা তথা তীক্ষ্ণ দন্ত কীটহুব।
মোৰ চক্ৰ সেহি শিলা ভিতৰে কৰিব॥
একৰন্ধু চাৰি চক্ৰ বৰ্ণমালা চিহ্ন।
নৱ মেঘ সম বৰ্ণ লক্ষী নাৰায়ণ॥
যদি তাত বণমালা চিহ্ন নাথাকয়।
লক্ষ্মী জনাৰ্দ্দন নাম সিজন হোৱয়॥
দুইৰন্ধ্ৰ চতুশ্চক্ৰ গোম্পদ লাঞ্চিত।
বণমালা নাই ৰঘুনাথ নামে খ্যাত॥
অতিক্ষুদ্ৰ দুইৰন্ধ্ৰ নব মেঘ প্ৰভ।
সিজন বামন মূৰ্তি বনমালা লোপ॥
অতিক্ষুদ্ৰ দুই চক্ৰ বনমালা পিন্ধা।
শ্ৰীধৰ বোলয় নাম গৃহী সম্পদ্দাতা॥