পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫০
চতুর্থ স্কন্ধ ।

তুলসী কাষ্ঠৰমালা যিজনে পিন্ধয়।
পদে পদে অশ্বমেধ ফল সিদ্ধি হয়॥
তুলসী হাতত লই মিছা কথা কহে।
যাবচ্চন্দ্ৰ দিবাকৰ কাল সূত্ৰে জহে॥
তুলসীত ধবিমিথ্যা শপথ কৰয়।
চতুৰ্দ্দশ ইন্দ্ৰ কুম্ভীপাকত ভোগ॥
পয়াণৰ বেলা খাই তুলসী উদক।
বিমানত চৰি সিটো চলে বৈকুণ্ঠক॥
অমাবস্যা পূৰ্ণিমা দ্বাদশী সক্ৰান্তিত।
তৈলাভ্যঙ্গে সাঁয়ং কালে কিম্বা মধ্যাহ্নত॥
অশৌচে জননাশৌচে ৰাজি বাস পিন্ধি।
তুলসী ছিঙ্গয় যিটো হৰি শিৰ ছিন্দি॥
ত্ৰিৰাত্ৰ তুলসী পত্ৰ যদি বাসী হয়।
তথাপিতো শুদ্ধ সতী কহিলো নিশ্চয়॥
শ্ৰাদ্ধে ব্ৰতে দানে আৰু প্ৰতিষ্ঠা অৰ্চ্চনে।
ভূমি জলে পৰেতবু লাগঘ পূজনে॥
একবাৰ বিষ্ণুত কৰয সমৰ্পণ।
ইয়ো সব হোৱে শুদ্ধ কৰিলে ক্ষালন॥
প্ৰক্ষালন কৰি লাত সব শুদ্ধ হোৱে।
কৰ্ম্ম কৰিবাক পাৰে জানিবা নিশ্চয়ে॥