পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৯
শ্রীদেবীভাগৱত ।

ইটোসব পুন্যস্থানে তোমাজন্ম হুইবে।
তুলসী বৃক্ষমূলে সৰ্বৰতীৰ্থ ৰবে॥
তুলসীৰ তল পুন্যস্থান পুন্যদাত্ৰী।
তাতে সৰ্ববতীৰ্ণ মানে হবে অধিষ্টাত্ৰী॥
সৰ্ব্বদেৰ সমে মই তৈতবাস কৰে৷
তুলসী বৃক্ষৰ তল কভু নাহিত্ৰৰো॥
পতিত তুলসী পত্ৰ লৱে যিতোজন।
সৰ্ববযজ্ঞ সিদ্ধ সৰ্ব্ব তীৰ্থ ফল স্নান॥
তুলসী পত্ৰজলে যিটোজনে শান্তিকৰে।
সহস্ৰ অমৃত ঘটে পুষ্টি সিটো নৰে॥
তুলসী পত্ৰদানে তুলসীয়ো হোৱে ভুন্ট।
সৰ্ব্বদা কমলা তাক প্ৰতিমহা তুষ্ট॥
অযুতেক গাভী দানে যে ইফল পায়।
কাৰ্ত্তিকে তুলসী দানে সিফল মিলয়॥
মৃত্যু কালে খাই যদি তুলসীৰ জল।
সৰ্ব্ব পাপে মুক্ত হই চলে মোৰ স্থল॥
নিত্যে যেই তুলসীৰ জল পান কৰে।
লক্ষ অশ্বমেধ ফল পাৱে সিটো নৰে॥
স্বহস্তে তুলসী যিটো দেহত ধৰয়।
তীৰ্থে প্ৰাণত্যাগি বিষ্ণু পুৰত চলয়॥

  • ৩০*