এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৪
চতুৰ্থস্কন্ধ।
বিষ্ণু মায়াকৰি শঙ্খচূড় ৰূপ ভৈল।
পতি ব্ৰতা ব্ৰত নাশ হেতু ঘৰে গৈল॥
শঙ্খচূড়ে বধিবাক হিংসা মনে কৰি।
তুলসী মন্দিৰ দ্বাৰে চলিল মুৰাৰী॥
দ্বাৰে জয় ধ্বনি কৈল দুণ্ডুভী বাদন।
শুনি তুলসীয়ে কৈল বাহিৰে গমন॥
স্বামী আগমন বাৰ্তা আনন্দ অপাৰ।
মৃতদেহে জীব সঞ্চাৰিল আৰু বাৰ॥
গবাক্ষত মুখ অৰ্পি ৰাজ পন্থে দেখে।
ব্ৰাহ্মণক দান দেন্ত পৰম কৌতুকে॥
বন্দি ভিক্ষু যাচিঙ্গাক ধন দান কৰে।
পৰম আনন্দে সৰ্ব্ব মঙ্গল আচৰে॥
হেন কালে ৰথগই দুৱাৰে লাগিল।
বিমানৰ পৰা নামি অন্তঃ পূৰে গৈল॥
অমূল্য ৰতনে বিখছিত অলঙ্কাৰে।
নিজ কান্ত হাতে পাই আনন্দে বিহৰে॥
পদ প্ৰক্ষালিয়া কৈল চৰণে প্ৰণাম।
প্ৰেমে গদ গদ আতি কৰিল ক্ৰন্দন॥
ৰত্ন সিংহাসনে বসাই কামুকী চাতকী।
লবঙ্গ কৰ্পূৰ পান যোগাই মনে সুখী॥