পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীদেৱী ভাগৱত।
৩৪৩

দেবগণে নিজ নিজ বিষয়ে বৰ্ত্তিল।
নিজ অধিকাৰ লাভে আনন্দ হুইল॥
বজাৱে দুণ্ডুভী স্বৰ্গে গন্ধৰ্ব্বে গাৱন্ত।
অপেম্বৰী নাচে বিদ্যাধৰে গাই গীত॥
মহেশ উপৰে কৰে পুষ্প বৰিষণ।
সিদ্ধ মুনি দেবে প্ৰশংসন্ত ঘনে ঘন॥
নবম স্কন্ধৰ পদ শঙ্খচুড় বধ।
নাৰায়ণে কৈলা পূৰ্ব্বে নাৰদ মুনিত॥
এয়োবিংশ অধ্যাপদ মুক্তি ৰস নাম।
গোপালে ৰচিল ডাকি বোলা ৰাম ৰাম॥

তুলসীৰ সতীত্ব নাশ বিবৰণ।
পদ।

নাৰদে পুছন্ত দেব কৰা অবধান।
কোন ৰূপে তুলসীত কৈল বীৰ্য্যাধান॥
কিবা ৰূপ ধৰি পাছে জগতৰ পতি।
তুলসীৰ জতি নষ্ট কৰিল তহিতি॥
হেন শুনি নাৰায়ণে কহিলা উত্তৰ।
শঙ্খচুড় কবচ লইয়া গদাধৰ॥