পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৫
শ্ৰীদেবীভাগৱত।

সকল জীবন মোৰ আজিসে হুইল।
ৰণে মৃত প্ৰাণ কান্তে পুনু গৃহে আইল॥
এতবুলি কাম শৰ কটাক্ষ প্ৰহাৰি।
ৰণৰ বৃতান্ত সোধে আনন্দে বিহৰি॥
জাই বিৰালীৰ ৰাৱে পুচয় তুলসী।
আদ্যো পান্ত ৰণ কথা মুখে মৃদুহাসি॥

তুলসীৰ প্ৰশ্ন ৷

অসংখ্যাত ব্ৰহ্মাণ্ড সংহাৰী প্ৰভু হৰ।
তাৰসমে যুদ্ধে জয় ভৈলা কি প্ৰকাৰ॥
মুহুৰ্তে সংহাৰ শক্তি মূহুৰ্ত্তে শৃজন।
হেনহৰ সমে কৈলা কিৰূপে সংগ্ৰাম॥
তুলসী বচন শুমি মায়া শঙ্খচুড়।
সেহি ভাবে কৰিল বচনে প্ৰত্যুত্তৰ॥
পূৰ্ণ শক্তবৰ্ষ প্ৰাণেশ্বৰী যুদ্ধ কৈলো।
মহেশৰ ৰণে আমি সব হৰু আইলো॥
সৰ্ব্ব সৈন্য সেনাপতি হস্তী ঘোড়া ৰথ।
সৰ্ব্বনাশ ভৈলো আমি হুইলো বিব্ৰত॥
হেনকালেহৰি ব্ৰহ্মা দুজনে আসিল।
দেবতাৰ ধন ৰাজ্য সবদি আইল॥