পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪২
চতুৰ্থ স্কন্ধ।


সেহি ৰূপে ভক্তি সহ প্ৰফুল্ল নযণে।
দেখিল সুদামা ক্ষণে প্ৰসন্ন বদনে॥
প্ৰেমে পুলকিত কৃষ্ণ কোলে কৰি লৈল।
সূল গাছো ততক্ষণে উৰ্দ্ধে চলি গৈল॥
শঙ্খচূড় অষ্টি ভৈল শঙ্খৰ নিৰ্ম্মাণ।
নানাৰূপে শঙ্খ ভৈল পবিত্ৰ বাজন॥
শঙ্খোদক পবিত্ৰ দেবতা প্ৰীতি পদ।
আজিয়ো দেখাহা শঙ্খচুড়ৰ সম্পদ ॥
তীৰ্থোদক ৰূপে শঙ্খোদক সুপবিত্ৰ।
শিবপক্ষে কেবলে জানিবা অপবিত্ৰ॥
যিটো স্থানে শঙ্খ বাদ্য সৰ্ব্বত্ৰ হোৱয়।
সিটো স্থানে স্থিৰালক্ষ্মী সৰ্ব্বদা থাকয়॥
শঙ্খোদকে যিটো স্নান কৰন্ত সতত।
সৰ্ব্ব তীৰ্থ স্নান ফল মিলয় সাম্প্ৰত॥
শঙ্গে নিবসন্ত হৰি লক্ষ্মীৰ সহিতে।
যৈত শঙ্খ থাকে হৰি বসতি সৰ্ব্বত্ৰে॥
স্ত্ৰী শূদ্ৰ যদি মুনি শঙ্খ ধ্বনি কৰে।
ভয়ে ভীতা লক্ষী চাৰি যাই স্থানান্তৰে॥
দানবক বধিশিব কৈলাসত গৈল।
বৃষভ আৰোহি সঙ্গে ভূত প্ৰেত লৈল॥