পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪১
শ্ৰীদবীভাগৱত।


উঠলিল অগ্নিঘোৰ,  ভস্মভৈল শঙ্খচুড়,
 শূল অগ্নি কৈল চাৰখাৰ।
হেনকালে দেবহৰি,  আসিলন্ত শীঘ্ৰকৰি
 শ্যাম ৰূপ বয়েস কিশোৰ॥

পদ।

শঙ্খচূড় পুড়ি যেবে ভস্মীভূত ভৈল।
গোপবেশ ধৰিকৃষ্ণ দেব তৈত আইল॥
দ্বিভুজ মুৰুলী ধাৰী স্নিগ্ধ ঘনশ্যাম।
হুচাৰু চিকন পীত বাস অনুপাম॥
ইন্দ্ৰৰত্ন সাৰ অলঙ্কাৰে শোভমান।
গোপনোটি বেষ্টিত নবীন পূৰ্ণ কাম॥
গোলোকৰ পৰা ৰত্ন বিমান উপৰি।
আসিলন্ত কৃষ্ণ ৰাজা দেখে নেত্ৰভৰি॥
ৰাধাকৃষ্ণ যুগল কিশোৰ নব ৰূপ।
ধ্যান যোগে দেখি শিবে প্ৰণামিল ভূপ॥
বৃন্দাবনে ৰাশকেলি মণ্ডপ মধ্যত।
হাসন্ত ক্ৰীড়ন্তকৃষ্ণ ৰাধিকা সহিত॥


দেবতাৰহিচাপ চাৰিহাতে একধনু।

মনুষ্যগণে ১৬ হাত একধনু॥ ১৬০০০ হস্তদীৰ্ঘ॥