সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪০
চতুৰ্থ স্কন্ধ।

হেনশুনি ত্ৰিপুৰাৰী,  শূলপাট লৈল তুলি,
 গ্ৰীষ্মে যেন মধ্যাহ্ন ভাস্কৰ।
উঠলিল শূলপাত,  অতিশয় তেজোমন্ত,
 অনিৰ্ব্বাৰ অব্যৰ্থ দুৰ্ব্বাৰ॥
সৰ্ব্বঅস্ত্ৰ মধ্যেসাৰ,  যেন গিৰি গুৰুতৰ,
 অন্যেকেহো লৰিবে নপাৰে।
বিনাই কেশব শিব,  নপাৰন্ত আনদেব,
 যাকলই জগত সংহাৰে॥
সহস্ৰেক ধনুদীৰ্থ,  একশত হাত প্ৰন্থ,
 মূৰ্ত্তিমণ্ড জীবত্মা সহিত।
ব্ৰহ্মৰূপী শূলগাছ,  নিত্য ব্যাপী মহাতেজ,
 সেহিশূলে সংহাৰে জগত॥
শিব যেবে হাতেলৈল,  শঙ্খচুড়ে দেখিপাইল,
 মৃত্যুঅস্ত্ৰ দূৰতে চিনিল।
তিয়াগিল ধনুৰ্ব্বাণ,  কৃষ্ণপদে কৈলধ্যান,
 পাদপথ হৃদয়ে ধৰিল॥
ভক্তি ভাবে চিন্তাকৰি,  কৃষ্ণ পদে যোগধৰি,
 চক্ষুমদি ৰূপ নিৰীক্ষিল।
পাছেশিব উপৰত,  চক্ৰাকাৰে ফুৰাইলন্ত,
 বলেধৰি হুঙ্কাৰি মাৰিল॥