পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৯
শ্ৰীদেবীভাগৱত।

আগে সত্য কৰ পাছে কহিব বিবৰি।
এতগুনি প্ৰতিজ্ঞা কৰিল মহা বীৰি॥
যিবাখোজা তাকেদিব নকৰো অন্যথা।
দ্বিজ কহে ভিক্ষা মাগো কবচ সৰ্ব্বথা॥
শঙ্খচুড়ে বুজিভৈল কাল উপসন৷
গলাৰ কবচ কাৰ্টি দিল ততক্ষণ॥
কবচ লভিয়া ৰঙ্গভৈল দ্বিজবৰ।
শঙ্খচূড় ৰূপেগৈল তুলসী গোচৰ॥
মায়াকৰি তুলসীত বীৰ্য্যাধান কৈল।
তৈৰপৰা আসিপাছে শিবক বুলিল॥

শঙ্খচূড় বধ।

ছবি।

তুলসী ৰজাত মাৰি, আসিলন্ত দেবহৰি,
 মহেশক বুলিল বচন।
কবচ আনিমো মই, তুলসীৰো জাতি খাই,
 আবে তুমি কৰাহা নিধন॥