পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৮
চতুৰ্থ স্কন্ধ

এতেকতে ব্যাসদেব সংক্ষেপে লিখিল।
মূলেমাত্ৰ শতবৰ্ষ যুদ্ধ বুলি থৈল॥
মহেশে দেখিল কিছু নাহিকে উপায়।
পূৰ্ব্বকথা স্মৰি চিন্তিলন্ত যদুৰায়॥
চিস্তা মাত্ৰে একবৃদ্ধ আতুৰ ব্ৰাহ্মন।
ৰণ স্থলে দৈত্য পাশ্বে ভৈল আগুয়ান॥
আগবাঢ়ি দৈত্যেশ্বৰে কহিল বচন।
বৃদ্ধ বিপ্ৰ দেখি নৃপ কৰিল সম্মান॥

বৃদ্ধ ব্ৰাহ্মনৰ ভিক্ষা।

পদ।

হেনকালে ৰণ মাঝে একবৃদ্ধ দ্বিজ।
সুপ্ৰসন্ন মুখ চক্ষু পত্ৰসৰ সিজ॥
হাতে লাঠী লপ থফ কুজা কুজে চলে।
শঙ্খচূড় কাশেগই স্বস্তি বাক্যবোলে॥
ব্ৰাহ্মণে প্ৰাৰ্থন্ত ৰাজাভিক্ষা দানদেহ।
ভিক্ষাদিবে ব্ৰাহ্মণে অন্যথা নাকৰিহ॥
তুমি মাহাদানী ৰাজা বাঞ্চা পূৰ্ণবাৰ
দুঃখিত আতুৰ বৃদ্ধে দেহ নৃপবৰ॥