পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩৭
শ্ৰীদেবীভাগবত।

শিব শঙ্খচূৰ যুদ্ধ অতিব ভিষণ।
নহয় নিবৃত্ত নিৰন্তৰ ঘোৰ ৰণ॥
নাহইল নাহইবে যুদ্ধ পূৰ্ব্বাপৰ।
অবিশ্চেদ ঘোৰ যুদ্ধ শতেক বৎসৰ।
নাহি দিবানিশি জ্ঞান যুদ্ধ নিৰন্তৰ।
নাহি নিদ্ৰা নাহি তৃষা অক্ষয় অজৰ॥
অস্ত্ৰাঘাতে তিন লোক হুই কম্পমান।
অনন্ত বাসুকী কাম্পে খলকে ভুবন॥
শিব শৰে শস্খচুৰ ব্যথিত পৰাণ।
তবু জয় পৰাজয় নোহে কোন জন॥
বৃষপৃষ্ঠে ভগবান বিমানে দানব।
দুইকো দুই প্ৰহাৰন্ত নুহি পৰাভব॥
শিবে প্ৰহাৰন্ত শঙ্খচুড়ে কৰে চুৰ্ণ।
শঙ্খচুড়ে হানে শিবে কাটন্ত তেখন।
দানবৰ সৰ্ব্বসৈন্য কৰিল নিধন।
সবে মাত্ৰ আছে দৈত্য একশত জন॥
শিব পক্ষে যতমান ৰণত পৰিল।
ততক্ষণে সদাশিব জীবিত কৰিল॥
ইটোযুদ্ধ বৰ্ণিবকি নাহিক শকতি।
চাৰিমুখে বিধি শতমুখে ণাগপতি॥

*২৯*