পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৯
শ্ৰীদেবীভাগৱত।

উন পঞ্চা শতবায়ু চন্দ্ৰমা সঙ্গত।
অশ্বিনী সহিতে পলাই দ্বাদশ আদিত্য॥
একাদশ ৰুদ্ৰ পলাই দ্বাদশ ভৈৰব।
পলাইল বিশ্বা বসু যক্ষ ৰক্ষ সব॥
পলাইল নন্দিমুখ্যে প্ৰমথ পিশাঞ্চ।
পলাইল ভূতড়ানা উৰগ নিৰ্য্যাশ॥
ত্ৰিশকোটি ডাকিণী যোগিণী পলাইল।
কালীসমে কাৰ্ত্তিক অঞ্চলে মাত্ৰ ৰৈল॥
শঙ্খচূড় শৰজালে শিবৰ নন্দন।
অকলে থাকিল যেন শিশিৰে তপন॥
পৰ্ব্বতাস্ত্ৰ শঙ্খচূড় কৰিল প্ৰহাৰ।
শত শত শৃঙ্গ উঠে গগন উপৰ॥
বজ্ৰহানি কুমাৰ কৰিল চূৰ্ণিকৃত।
ক্ৰোধেদৈত্য প্ৰহাৰিল মহানাগে অস্ত্ৰ॥
জন্মিল চৌৰাশি লক্ষ সৰ্প ভয়ঙ্গৰ।
অগ্নিশৰে ভশ্মকৈল পাৰ্ব্বতী কুমাৰ॥
বৰুণৰ অস্ত্ৰপাটে দৈত্য প্ৰহাৰিল।
শিলাখোলা বষি পাছে অগ্নি নুমাইল॥
বায়ুবাণে উড়ু আইল দেব সেনপতি।
ক্ৰোধে ওষ্ঠ চেলেকন্ত দানবৰ পতি॥