পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৮
চতুৰ্থ স্কন্ধ।

নিৰন্তৰ অস্ত্ৰবৰ্ষে নাহি ছেদভেদ।
নিস্বশ লইবে কিছু নাহি অবসাদ॥
কোটি কোটি বজ্ৰ ধ্বনি শবদ উঠয়।
লক্ষ লক্ষ বিদ্যুতিকা অস্ত্ৰে নিকলয়॥
নানামায়া বিশাৰদ দনুৰকু মাৰ।
ভয়ঙ্কৰ অস্ত্ৰ বৃষ্টী কৰে নিৰন্তৰ॥
অস্ত্ৰহন্তে শত শত পৰ্ব্বত উগ্দাৰ।
কোটি কোটি মহাসৰ্প ফেনা ফোতোকাৰ॥
বৰিষে পৰ্ব্বত শিলাবৃক্ষ শত শত।
কাক গৃধ্ৰ শেন কঙ্ক অস্ত্ৰে নিকলন্ত॥
বিজল মুষিক ব্যাঘ্ৰ ভল্লুক গাণ্ডাৰ।
বিকট দশন নাগ নানামুণ্ডধাৰ॥
নাহিক নিবৃত্তি অস্ত্ৰবৰ্ষে নিৰন্তৰ।
ব্যাপিল দিগান্ত সবেভৈল একাকাৰ॥
অস্ত্ৰতে সংহাৰে যিটো অস্ত্ৰতে সৃজয়।
কিসাধ্য দেবতানৰে ইহাঙ্ক যুজয়॥
দেখিয়া অমৰসব ভয়ে তৰসিল।
প্ৰথমে গন্ধৰ্বসমে মহেন্দ্ৰ পলাইল॥
অষ্ট বসু কুবেৰ পলাইমাৰে ফাট।
ইল যমৰাজ মৃত্যুৰ সহিত॥