সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২০
চতুৰ্থ স্কন্ধ।

কোটি কোটি অস্ত্ৰপুনু কৰিল সন্ধান।
ক্ষনিতেক কাৰ্ত্তিকে হুইল সন্ধুক্ষন॥
এতহন্তে শঙ্খচূড় চিদ্ৰক লভিল।
বিষ্ণু চক্ৰবাণে ধনু হাততে কাটিল॥
অতীব দুৰ্ব্বাৰ ভয়ঙ্কৰ ধনুখান।
বিষ্ণু অস্ত্ৰে শঙ্খচূড় কৈল দুইখান॥
পুনৰপি কালদণ্ড কৰিল প্ৰহাৰ।
দিব্যৰ্থ চক্ৰদণ্ড কৰিল সংহাৰ॥
ময়ুৰকো তাড়িলন্ত ঘোৰ শৰজালে।
উৰ্দ্ধ লেঞ্জ কৰি শিখি নাচে অস্ত্ৰজালে॥
বিধনু বিৰথী ভৈল শিবৰ নন্দন।
শক্তিকেলি মাৰিলন্ত কৰিয় গৰ্জ্জন॥
আকাশে আসন্ত শক্তি মধ্যাহ্ন মিহিৰ।
নিৰ্ধুম অগনি মুখে কৰন্ত উগ্দাৰ॥
আকাশে জ্বলন্ত অগ্নি ধক ধককৰি।
নভোমাৰ্গ বিদাৰি চলন্ত বেগবৰি॥
দেখি শঙ্খচূড় বিষ্ণু শক্তি প্ৰহাৰিল।
স্কন্দৰ মহোল্কা শক্তিভাঙ্গি চূৰ্ণ কৈল॥
শক্তিভাঙ্গি বেগধৰি হৃদয়ে পৰিল।
মুৰ্চ্ছাহুই শিব সুত ক্ষনিকে উঠিল॥