পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৭
শ্ৰীদেবীভাগৱত।

লক্ষে লক্ষে হাজাৰে হাজাৰে কোটি শত।
ভৈলন্ত আকাশ অন্ধকাৰ ৰোধবাত॥
পুনু প্ৰহাৰন্ত অযুতেক তীক্ষ্ণ শৰ।
পখাময় দেখি সবে আকাশ উপৰ॥
নাহি আৰসাদ পুনৰপি প্ৰহাৰন্ত৷
মেঘেযেন বৃষ্টিকৰে গিৰি শিখৰত॥
জল স্থল ভাৰতৰ অস্ত্ৰে পূৰ্ণ ভৈল।
দশদিক অধো উৰ্দ্ধে সমস্ত ধাকিল॥
ৰবিৰশ্মি আচ্ছাদিল দিনে অন্ধকাৰ।
কৃষ্ণা চতুৰ্দ্দশী ৰাত্ৰি তৃতীয় প্ৰহৰ॥
কাটন ফুটন শৰতীক্ষ্ণ বিষিধৰ।
কতোমুখে বিষবদ্ধি কৰন্ত উদ্গাৰ॥
প্ৰচণ্ড আন্দোলে শৰকৰে বৰিষণ।
স্বৰ্ণ পুঙ্খি শিলিমুখ কৰন্ত ঘাতন॥
কভু অন্ধকাৰ কৰে কতুবা পোহৰ।
অগনি স্ফুলিঙ্গ। কভূ মধ্যাহৎ ভাস্কৰ॥
মহাঅস্ত্ৰ ধাৰী নানা অস্ত্ৰ মাৰেবৰে।
শ্বেত ৰক্ত ণীল পীত আকাশ উপৰে॥
বিদ্যুতিক। জ্বলে ছট ছটী শব্দ উঠে।
মনিবে নাপাৰি হ'ত বহুমাত্ৰ দেখে॥