পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৯
শ্ৰীদবীভাগবত।

পূবে মোৰ সমে কতবাৰ যুদ্ধ কৈলি।
কতবাৰ দেবৰাজ হাৰি পলাইলি॥
এইবাৰ পুনৰপি যুদ্ধে জোঙ্কাৱস।
ঘৌৰ শৰ ঘাৱে জানো ভাগি পলাৱস॥
ইন্দ্ৰে বোলে লটক অহৰ দুৰাচাৰ।
পূৰ্ব্বে দেবাসুৰ যুদ্ধে দিলোহো ঝোকাৰ॥
আবে কৈক যাবি তই নাহিক এড়ান।
বুঢ়াৰ হাতত চেঙ্গেলীৰ বৰ টান॥
শুনি বৃষ পৰ্ব্বে কোপে অগ্নি উধাইল।
বিংশপাট শিলিমুখ বাসবক দিল॥
আকাশতে দেবৰাজ কাটি খণ্ড কৈল।
দানবে মাৰিল পুনু সহস্ৰে তোমৰ॥
তাহা কোছে দিল ইন্দ্ৰ সহস্ৰক শবে।
দুইকো দুই প্ৰহাৰ কৰন্ত নিৰন্তৰে॥
আকাশতে দুইৰো শৰ দুজনে কাটয়।
দুইসম বলিয়ান চিদ্ৰন পাৰয়॥
পৰিঘ পট্টিশ শূল মুষল মুদগৰ।
ভুষণ্ডী নাৰাচ ভল্ল শতঘ্নি তোমৰ॥
সন সনি ছট ছটি শব্দ ঠাট ঠাট।
দুইশৰে কটা কটি গগণ মাৰ্গত॥
২৯৯