পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০০
চতুৰ্থ স্কন্ধ।

চিদ্ৰ নপাই ইন্দ্ৰে প্ৰহাৰিল অগ্নি শৰ।
উঠলিল মহা অগ্নি সংগ্ৰাম ভিতৰ॥
বৰুণৰ বাণে নিবাৰিল দৈত্যপতি।
মুষল ধাৰায়ে বৃষ্ঠি ভাসিলন্ত ক্ষিতি॥
বায়ু অস্ত্ৰে মখবায়ে জল শুখাইলা
প্ৰবল জটিকা বেগে বহিবে লাগিল।
পৰ্ব্বতাস্ত্ৰে কৃষ পৰ্ব্ব বাতনি বাৰিল।
দেখি ইন্দ্ৰে তীক্ষ্ণ অৰ্দ্ধ চন্দ্ৰ প্ৰহাৰিল॥
পুনু পঞ্চাশত তীব্ৰ তীক্ষ্ণ শিনি মুখ।
দৈত্যৰ হিয়াত বেগে ঘালিল বিড়োজ॥
ৰথধ্বজ ধনুৰ্ব্বাণ সাৰথি মোটক।
সমস্ত কাটিল ইন্দ্ৰ নথাকিল এক॥
বিৰথী বিধনু দৈত্য শক্তি প্ৰহাৰিল।
নিজ শক্তি হানি ইন্দ্ৰ তাহাকো ভাঙ্গিল॥
শক্তিনষ্ট দৈত্যপতি ক্ৰোধে হতাসন।
ঘোৰ শূলপাট পাছে কৰিল সন্ধান॥
শূলে অগ্নি উঠলিল বেগধৰি যায়।
যতঅস্ত্ৰ মাৰে ইন্দ্ৰ ভস্মি ভূতহয়।
ক্ৰোধে শচী পতি তবে বজ্ৰ প্ৰহাৰিল।
শতখণ্ড কৰিশূল চূৰ্ণিকৃত ভৈল॥