পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৮
চতুৰ্থ স্কন্ধ।

মহা মাৰী উগ্ৰচণ্ডা নন্দ্ৰিশ্বৰ আদি।
দনেব সহিত যুদ্ধ শব্দ হুড়া হুড়ি॥
মহা প্ৰলয়ত যেন ভীষণ গৰ্জ্জণ।
অস্ত্ৰজালে তিনিলোক কাম্পে ঘনে ঘন॥
বট বৃক্ষ তলে বসি দেব পঞ্চানন।
কাৰ্ত্তিক সহিত যুদ্ধ কৰিছে দৰ্শন॥
মনোৰম ৰত্ন সিংহাসনৰ উপৰে।
কোটি কোটি মহাবীৰ বেঢ়ি চাৰিধাৰে॥
ৰতনে খছিত দেহ বীৰ শঙ্খচুড়।
তৈতবসি যুদ্ধ কাণ্ড দেখে দানবৰ॥
হেন মতে দ্বন্দ যুদ্ধ বাজে পৰস্পৰ।
কহোকি ছুমুখ্য মুখ্য শুনা আতপৰ॥

ইন্দ্ৰ বৃষ পৰ্ব্বৰ যুদ্ধ।
পদ।

বৃষ পৰ্ব্ব সেনাপতি সবাতে প্ৰধাণ।
দেব সেনা মধ্যে যেন পাৰ্ব্বতী নন্দন॥
বলিৰাজ দিন হন্তে অতি পৌৰাণিক।
ডাকদিয়া ইন্দ্ৰ প্ৰতি বুলিলন্ত বাক॥