পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৫
শ্ৰীদেবীভাগৱত।


অথযুদ্ধ সজ্জা
পদ

নাৰায়ণ কহে মুনি শুনা পাচ কথা।
শঙ্কৰক নমি ৰাজা নোঙাইয়া মাথা॥
তৈৰপৰা দানব ঈশ্বৰ উঠি গৈল।
বিমানত উঠি যুদ্ধ হেতু অজ্ঞা দিল॥
নিজ সৈন্য সদাশিব যুদ্ধে নিয়োজিল।
শঙ্খচুড়ো নিজ সেনা ৰণত পাঞ্চিল॥
দুইদলৈ বাজিল সংগ্ৰাম ঘেৰিত্তৰ।
দেব অসুৰৰ যুদ্ধ মিলিল ডাঙ্গৰ॥
ৰাক্ষসে পিসাঞ্চে যুদ্ধ অঙ্কুৰে দানবে।
ভূত প্ৰেত ডাকিনী যোগিণী আদি সবে॥
মুখত উলুকা জ্বলে গন্ধে প্ৰাণ ফুটে।
লম্ব পেটা দীৰ্ঘ জটা লাঙ্গট পিঙ্গটে॥
শাল তাল সম ভূজ দীঘল দশন।
কোটৰত চক্ষু কাৰো লোহিত লোচন॥
লম্বা কৰ্ণ স্থূল নাক, জঙ্গ৷ ক্ষুদ্ৰ ভৰী।
ধুম্ৰবৰ্ণ জটিল আৰক্ত গোফ দাৰী॥