সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৪
চতুৰ্থ স্কন্ধ

নিশ্চয়ে জানিছে মৃত্যু নাহিকে এৰন।
ৰাধা শাপ কাল আবে ভৈলন্ত মোচন॥
তথাপিতো মহামায়া মোহজালে বন্ধ।
আশা পাশে বন্দি হুই কৰিলন্ত যুদ্ধ॥
লভিবে গোলোক পুৰি সবাৰ উপৰ।
তাক এৰি নৰ্ক্ক আশাকৰে পৃথিবীৰ॥
অন্যৰ কিকথা দেখা জ্ঞানিৰ বিপদ।
এতেকতে ভজা সবে মধবৰ পদ॥
নবম স্কন্ধৰ পুণ্য ভাগবত পদ।
একবিংশ আধ্যা নাম মহেশ সম্বাদ॥
সংসাৰ নিস্তৰি ষাইবে আছে যাৰকাম।
ৰচিল গোপালে ডাকি বোলা ৰাম ৰাম॥