সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৬
চতুৰ্থ স্কন্ধ।

হাতে ডাঙ্গ ধৰি কতো খড়্গখৰ সান।
ত্ৰিশূল পট্টিশ যাঠী বিবিধ সঞ্চান॥
মাৰ মাৰ কাট কাট শব্দ ঘোৰত্তৰ।
বেহু পাতি যুজে সৰ্ব্ব, সৈন্য ভয়ঙ্কৰ॥
হস্তী সব যুঠে যুঠে আগক খোম্পয়।
ৰাহুতী মাহুতী বাৰুবতীয়ে যুজয়॥
দুই সৈন্য অস্ত্ৰজালে আকাশ ধাকিল।
অস্ত্ৰে অঞ্চ কাৰ বায়ু পথৰুদ্ধ ভৈল॥
ৰক্তে ৰঙ্গা ভৈল দেহ ফুলিল মন্দাৰ।
বহিল ৰকত নদী অতি খৰোত্তৰ॥
ভূতজনা প্ৰেত পিশাঞ্চৰ সেনাগণ
মায়া বস্তু অক্ষয় নমৰে একোজন॥
দানবৰ সৈন্য মধ্যে বিপত্তি পৰিল।
পৰ্ব্বত আকাৰ দৌলা দৌলে মৰিগৈল
পলায় দানব সেনা ছিন্ন হস্ত পদ।
দেখি সেন৷ পতি ভৈল ক্ৰোধত উন্মত্ত॥
নাইস বুলি আগ ভেণ্টি সৈন্যক ধৰিল।
হেন দেখি দেবতা সবেয়ো খেদি গৈল॥