পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰীদেবীভাগৱত।

আদি কালে বিষ্ণু মধু কৈটভ বধিল।
তাত পাছে হিৰন্যকসিপু সংহৰিল॥
ময়ো পুৰ্ব্বে ত্ৰিপুৰক কৰিছো দহন।
সৰ্ব্বেশ্বৰী মতামহা প্ৰকৃতি যিজন॥
তেহো পূৰ্ব্বে শুম্ভ মহিষক যুদ্ধ কৈল।
পৰম অদ্ভুত ৰণে দানব বধিল॥
কৃষ্ণৰ ভকত তুমি মুখ্য পাৰিষদ।
যি মৰিল পূৰ্ব্বে তোমাসম কোন বুধ॥
এতেকতে নৃপ তোমা সমে মোৰ যুদ্ধ।
কিবা লজ্জা আছে হাৰে জিতে সৰ্ব্বত্ৰত॥
সকলে অমৰে গই শৰণে পশিল।
সিহেতু মাধবে মোক সমৰে পাঞ্চিল॥
নিশ্চয়ে বুলিলো দেবতাক ৰাজ্য দিয়া।
অথবা কৰহ যুদ্ধ সসৈন্যে সাজিয়া॥
এত বুলি ভোলানাথ নিচুকি ৰহিল।
পাত্ৰ মিত্ৰ সমে শঙ্খচূড় উঠি গৈল॥
মিথ্যা বাক্য ব্যয়ে কিহইবে নৰপতি।
যুদ্ধ কিম্বা ৰাজ্য দেহ বুলিলো সম্প্ৰতি॥
মহন্তে বিচাৰি দেখা কালৰ বিক্ৰম।
সৰ্ব্বজ্ঞানী শঙ্খচুড় ৰাজা হইল ভ্ৰম॥