পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯২
চতুর্থ স্কন্ধ ৷

ঈশ্বৰৰ দুয়ো ঘৰ সমান বান্ধব।
সমান সম্বন্ধী তযু দুয়ে৷ সম ভাব॥
এহিসে পৰম লজ্জ৷ তুমি আইলা আবে।
জয় ভৈলে কীৰ্ত্তি পৰাজয়ে লজ্জা হবে॥
এত শুনি ত্ৰিনয়ণে উত্তৰ কৰিল।
যথে৷ চিত প্ৰত্যুত্তৰে বুলিবে লাগিল॥
গোপাল বদতি ৰাজা বাক্য অকাৰণ।
হুই আছে আজ্ঞা কৰা গোলোকে গমণ
আসিছে স্বয়ঙ্গে হৰিউদ্ধাৰ কৰিবে।
যমে পাত মলচিল এড়ান নহইবে॥

সদা শিবৰ উত্তৰ॥
পদ।

নাৰয়ণ কহে শুনা নাৰদ বুপাই।
শঙ্খচূড় বাক্য শুনি মহেশে কহই॥
শুনা তেবে কহো ৰাজা বাক্য সাৰোত্তৰ।
ব্ৰহ্ম বংশে জন্ম তুমি ৰাজেন্দ্ৰ প্ৰবৰ॥
তোমা সহ যুদ্ধে মৌৰ জয় পৰাজয়ে।
কিবা লাজ হইবে তাক নুবুজো নিশ্চয়ে॥