সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯১
শ্ৰীদেবীভাগৱত।

জ্ঞাতি দ্ৰোহ মহাপাপ কহিছা এখন।
বলিৰ সমস্ত লই কৈত দিলা স্থান॥
সমস্ত ঐশ্বৰ্য্য মই উদ্ধাৰ কৰিলো।
সমস্তৰ ওপৰত অধিপতি ভৈলো॥
পূৰ্ব্ব পুৰুষৰ মই মানক সাৰিলো।
সুতলে গোবিন্দ সমে উদ্ধাৰ কৰিলো॥
দেবে কেনে জ্ঞাতি হিংসা কৰে নিৰন্তৰ।
হিংসা কৰি মৰাইল মহিষা অসুৰ॥
সভাতৃ দেৱতা হিৰনক্ষক হিংসিল।
মহানীৰ শুম্ভ নিশুম্ভক মৰাইল॥
সমুদ্ৰ মন্থনে পূৰ্ব্বে অমৃত উঠিল।
অসুৰে বহিল ভাৰ দেৱতা খাইল॥
ক্ৰীড়াময় বিশ্ব ইটো প্ৰকৃতি পৰম।
সেহি যাক যখন ঐশ্বৰ্য্য কৰে দান॥
সেহিদে ঐশ্বৰ্য্য সত্য ভোগে সিটো জন।
কোনেনো কৰিবে পাৰে তাহাৰ খন্দন॥
ঐশ্বৰ্য্য লইয়া দেব দানবে বিবাদ।
সৰ্ব্বদা আছয় দেব ঘোৰ ভাতৃ বাদ॥
জয় পৰাজয় তাত কালক্ৰমে বটে।
তযু আগমন দেব নিষ্ফল তাহাতে॥