পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯০
চতুৰ্থ স্কন্ধ।

জন্ম জৰা ৰোগ হস্তে সিটো মুক্তি হয়।
সৰ্ব্বকাম আত্ম ৰাম বিহৰি ফুৰয়॥
বিধাতাক সৃষ্টিকৰ্ত্তা বিষ্ণুক পালন্তা।
নোহোক সংহাৰ কৰ্ত্তা কৰিছে সৰ্ব্বথা॥
তোমা সব বিষয়ী সংসাৰ ভোগ কৰ্ত্তা।
সংহাৰে কালাগ্নি ৰুদ্ৰ বিষয় বিব্ৰতা॥
মই কৰো তান নাম গুণ সংকীৰ্ত্তন
সেহি হেতু মৃত্যুঞ্জয় জ্ঞান বিবন্ধন॥
গৰুড় প্ৰমুখ্যে উগাদি জীব মান।
মৃত্যু হস্তে মৃত্যু ভয় নাথাকে কখন॥
এত কহি সৰ্ব্বেশ্বৰ শিব ভগবান।
সভামাঝে নিযমি ৰহিল তপোধন॥

শঙ্খচুৰৰ উত্তৰ

পদ।

শঙ্খচুড় কহে প্ৰভু তুমি যি কহিলা।
অন্যথা নোহন্ত একো বেদ বখানিলা॥
তথাপি যথাৰ্থ কিঞ্চিতেক নিবেদন।
কৰোহো তোমাৰ অগ্ৰে শুনা সনাতন॥