পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৯
শ্ৰীদেবীভাগৱত।

পূৰ্ণিমাত চন্দ্ৰ যেনে পৰিপূৰ্ণ হয়।
তাদৃশ নাথাকে নিত্য দিনে দিনে ক্ষয়॥
অমাবশ্যা পৰে পুনু ৰোজে পুষ্টি হয়।
শুক্ল পক্ষে শ্ৰীমন্ত কৃষ্ণত ম্লান হয়॥
ৰাহু গ্ৰন্ত চন্দ্ৰমা কুদিন মলিয়ান।
শুভক্ষণে ফলে পুনু হোৱন্ত মোচন॥
কালে চন্দ্ৰ শুক্ল হোৱে কালত শ্ৰীভ্ৰষ্ট।
কাল ভেদে বলবান সুুতলে শ্ৰীনষ্ট ॥
কালে ভূমি শস্য পূৰ্ণ জগত ধৰিত্ৰী।
কালে সিয়ো জল মগ্ন হোৱে তিৰোভূতী॥
কালে হোবে বিশ্ব ধ্বংস কালে হুই পূৰ্ণ।
ঈশ্বৰ সমান ব্ৰহ্মাদেবো হুই লীন॥
আমি শিব মৃত্যুঞ্জয় অব্যয় ঈশ্বৰ।
অসংখ্যা প্ৰকৃত লয় হৱো বাৰম্বাৰ॥
বাৰম্বাৰ পুনুঃ নেদেখা দেখিছো।
অসংখ্যাত বাৰ লয় উদ্ভব হুইছো॥
সিজনে প্ৰকৃতি ৰূপ সিজনে পুৰূষ।
সিজনেই আত্মা জীব ৰূপ সৰ্ব্ব ঈশ্ব॥
তান নাম গুণ যিটো কৰন্ত কীৰ্ত্তন।
কালে মৃত্যু জয় ৰাজা কৰে সিটো জন॥

*২৫*