পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৮
চতুৰ্থ স্কন্ধ।

সৰ্ব্বদা সমানে কাল কৰি কৈত যায়।
বিধাতাৰো তিৰোভাব প্ৰাকৃতিকেলয়॥
ঈশ্বৰ ইচ্ছায়ে পুণ্ডু আবিৰ্ভাব হোৱে।
তপোছলে পুনৰপি জ্ঞান বৃদ্ধিলভে॥8520/
তপস্যাতে পূৰ্ব্ব লুপ্ত স্মৃতি প্ৰাপ্ত হয়।
সেহি জ্ঞান বলে পুনু সৃজন কৰয়॥
সত্যযুগে পৰিপুৰ্ণ চাৰিপাদ ধৰ্ম্ম।
দুুইপাদ দ্বাপৰে ত্ৰেতাত পাদ তিণ॥
এক পাদ আদ্য কলিযুগত থাকয়।
ক্ৰমে তাৰো দশ গুণ কালে হোৰে ক্ষয়॥
কলা অংশ মাত্ৰে কলি শেষত ৰহয়।
কৃষ্ণা চতুৰ্দ্দশী যেন চন্দ্ৰমাৰ ক্ষয়॥
গ্ৰীষ্মে সূৰ্য্য ৰশ্মি যেন শিশিৰে নোহয়।
প্ৰাতস মধ্যাহ্ল সন্ধ্যা প্ৰতি দিনে হয়॥
উদয় কালত বাল্য মধ্যাহ্ণে যৌবন।
তিন কালে তিন ৰূপ কৰন্ত ধাৰণ॥
একেকালে কীৰো কৈত নাযায় কখন।
দিনে ৰবি দুুপ্ৰসন্ন ৰাত্ৰে হোৱে ক্ষীণ॥
ৰাহু গ্ৰস্ত শশী পুনু হোবন্ত প্ৰচ্ছন্ন।
বৎসৰত চন্দ্ৰ সূূৰ্য্য গ্ৰাস এক দিন॥