পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৭
শ্ৰীদেবীভাগৱত৷

আব্ৰহ্ম পাতাল সৰ্ব্ব জগত ব্ৰহ্মাণ্ড।
তুচ্ছ জ্ঞান কৰিছাহা লভিয়া সম্পদ॥
সালোক্য সামুজ্য নাষ্টি সামীপ্য হৰিৰ।
নামাগে বৈষ্ণবে কভু বিনে পদ সেব॥
দিলেও নালই তাক ভকতিসে মাগে।
ৰসময় ভক্তি সেবা সদা মনে জাগে॥
ব্ৰহ্মত্ব বা অমৰত্ব যিবা কিছু হৌক।
বৈষ্ণবে মানন্ত ভুচ্ছ নোখোজন্ত তাক॥
ইন্দ্ৰপদ মনুপদ কিম্বা ৰাজ পদ।
কৃষ্ণ ভক্তজন পক্ষে বিষয় বিপদ॥
দেবতাক ৰাজ্যদিয়া মোক প্ৰীতিকৰা।
নিজস্থান লভি দেবতাক সুখী কৰা॥
ভাতৃ বিৰোধতে সৰ্ব্ব কাশ্যপৰ বংশ।
জ্ঞাতি দ্ৰোহ পাপে কালে হুই আছে ধ্বংশ॥
ব্ৰহ্মহত্যা আদি যত মহাপাপ আছে।
জ্ঞাতি দ্ৰেহি পাপে ষোলকলা নোহে পাছে॥
নিজৰ সম্পদ মানে দিয়ো হোৱে হানি।
জ্ঞাতি হিংসা মহা পাপ লাগন্ত অগনি॥
যদি মানা মোহোৰ বচন শুনিয়োক।
দেবতাৰ ক্ৰৃৃতধন পালতি দিয়োক॥