পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৬
চতুৰ্থ স্কন্ধ

প্ৰজাপতি দক্ষৰাজ প্ৰীতি সহকাৰে।
এয়োদশ কন্যাদান দিলকাশ্য পেৰে।
তাসম্বাৰ মধ্যে এক দনু সাধ্বী সতী।
মহাবীৰ্য শালা পুল্ৰ সমে ভাগ্যবতী।
দনুগৰ্ভে চৌচল্লিশ জন্মিল কুমাৰ।
অতি বীৰ্য্য বলবান জগত ভিতৰ॥
তাসম্বাৰ এক বিপ্ৰ হিংসু বলবান
তাৰপুল্ৰ দন্ত বিষ্ণু ভকত প্ৰধাণ॥
দিতি ৪৪ জন বীৰ্য্যশালী দানবেন্দ্ৰ৷
যথা, হিৰন্যক্ষ, হিৰন্যকসিপু, ৰম্ভ, কম্ভ, মহিাষ-
সুৰ, শুম্ভ নিশুম্ভ নমুচি দম্ভ কালকেতু সৰু।
কাম্ভোজ ৰক্তবীজ ইত্যাদি॥
শুক্ৰাচাৰ্য্যে গুৰু কৰি পূৰ্ব্বে পুষ্কৰত।
লক্ষবৰ্ষ কৃষ্ণ মন্ত্ৰ জপে অবিৰত॥
কৃষ্ণভক্তা ধৰ্ম্মী কৃষ্ণ মন্ত্ৰ পৰায়ণ।
কৃষ্ণৰ প্ৰসাদে পাইল তোমাক সন্তাণ॥
পূৰ্ব্বে তুমি গোলোকৰ পাৰিষদ গোপ।
গোপৰো মাঝত মুখ্য ধাৰ্ম্মিক অনুপ॥
ৰাধা শাপে জন্ম আবে দানবী যোনিত।
বৈষ্ণব হুইয়া তুচ্ছ মানিছা জগত॥