পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৫
শ্ৰীদেবীভাগবত।

আগত কাৰ্ত্তিকসেন বামে ভদ্ৰ কালী।
সৰ্ব্বজনে প্ৰণামিল হুই কৃতাঞ্জলি॥
দেব দেবী সৰ্ব্বজনে আশীস কৰিল।
তাতপাচে শঙ্খচুড়ে উঠি ঠিয় ভৈল॥
নন্দি ভৃঙ্গি আদি সব মুখ্য গণপতি।
সমাদৰ আলিঙ্গন কৈল নৰপতি॥
পৰস্পৰ পৰস্পৰে সাদৰ সম্ভাষা।
কৰিলন্ত ৰাজা মিতাইয়া মনোতৃষা॥
তাতপাচে মহেশৰ সমীপে বসিল।
প্ৰসন্ন বদনে হৰে কহিবে লাগিল॥

সদাশিবৰ উক্তি॥

পদ।

শিবকহে মহাৰাজ কৰা অবধান।
যিবালাগি তোমাক মাতিলো ইটোস্থান॥
জগতৰ পিতা ব্ৰহ্মা ধৰ্ম্মৰ বিধাতা।
ধৰ্ম্মজ্ঞ ধৰমী যিটো ধৰ্ম্ম অধিষ্ঠাতা॥
মৰীচি তাহান পুল্ৰ ধাৰ্ম্মিক বৈষ্ণব।
পুল্ৰ প্ৰজাপতি কাশ্যপ বংশোদ্ভব॥