পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৪
চতুৰ্থ স্কন্ধ।

তৈত গই শঙ্খচূড় শিবক দেখিল।
বট মূলে কোটি সূৰ্য্য সমান উজ্জ্বল॥
ত্ৰিশুল পট্টিশ ধৰি ব্যাঘ্ৰ চৰ্ম্ম বাস।
শান্ত মূৰ্ত্তি গৌৰী কান্ত ভববন্ধ নাশ॥
তপ ফল দাতা সৰ্ব্ব সমাপদ দায়ক।
সুপ্ৰসন্ন আসুতোষ ভক্তানু গ্ৰাহক৷
বিশ্বনাথ বিশ্ববীজ বিশ্বৰ জীবক।
বিশ্বন্তৰ দিগম্বৰ বিশ্ব সংহাৰক॥

ইৰাবতী, গোমতী, বিতষ্টা সৰস্বতী চন্দ্ৰ-
ভাগা॥ এই পঞ্চ নদী পঞ্চ আপনামে খ্যাত
হুই বৰ্তমান নাম” পঞ্জাব” ভাৰত ভূমিৰ মধ্যে
পঞ্জাব অতি পুণ্য স্থান। ঋষি মুনি মহা মহা

বীৰ ৰাজা সকলৰ সুখময় বাস স্থান॥
কৰণ কাৰণ ধাতা নৰ্ক্ক নিবাৰক।
জ্ঞান বীজ জ্ঞানানন্দ জ্ঞান প্ৰদায়ক॥
সনাতন সত্য পৰব্ৰহ্ম পৰবিভু।
বিমানৰ নামি দেখিলন্ত দৈত্য প্ৰভু॥
কৃতাঞ্জলি পুটে প্ৰেম ভক্তি সহকাৰে।
শিৰগুঙ্গি প্ৰণামিল দেব বিশ্বম্ভৰে।॥