পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৩
শ্ৰীদেবীভাগৱত।

শঙ্খচূড়ৰ শিবৰনিকট গমন।
পদ।

এহিৰূপে শঙ্খচুড় সাজ বাজ কৰি।
গুৰু বৰ্গে প্ৰনি পাত সম্বুধি সাদৰি॥
পুষ্পভদ্ৰা তীৰত অক্ষয় বটমূলে।
সিদ্ধ মুনি সিদ্ধাশ্ৰম সিদ্ধ ক্ষেত্ৰ স্থলে॥
পূণ্য ক্ষেত্ৰ ভাৰতে কপিল তপ স্থান।
উত্তৰে শ্ৰীশৈল গন্থ মাদন দক্ষিণ॥
পূৰ্ব্ব দিশে সমুদ্ৰ মলয় পশ্চিমত।
আয়ামে যোজন শত দীৰ্ঘে পঞ্চ শত॥
শুদ্ধ স্ফটিকৰ সম স্থান ভাৰতত।
দীৰ্ঘে প্ৰস্থে হবে ছয় মাসেকৰ বাট॥
পুণ্য ক্ষেত্ৰে সৰস্বতী পুষ্পভদ্ৰা নদী।
লোনা সমুদ্ৰৰ ভাৰ্য্যা সৌভাগ্য শাশ্বতি॥
হিমালয় হন্তে সৰাবতী নিকলিয়া।
গোমতীক বামে ৰাখি পশ্চিমে আসিয়া॥
মিলিছে পশ্চিম মুখে পাচে সমুদ্ৰত।
পঞ্চনদ মিশ্ৰ স্থান পুণ্য ভাৰতত॥