পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৫
শ্ৰীদেবীভাগবত।

অঙ্গ উপাঙ্গ যুক্ত সুৰতি সুন্দৰ।
দুই দেহ এক ভৈল অৰ্দ্ধ নাৰীশ্বৰ॥
প্ৰাণতো অধিক প্ৰাণেশ্বৰক মানয়।
তুলসীকো ৰাজা প্ৰাণ অধিক ভাবয়॥
এহি ৰূপে প্ৰাণে প্ৰাণে মিলি দুইজন।
দুই দেহ এক হুই কৰিল শয়ণ॥
লভিল সুনিদ্ৰা আতি মনৰ সন্তোষ।
সুবেশ সুশয্যা সুখ সম্ভোগ বিশেষ॥
ক্ষণে স্বচেতন লভি ৰস ব্যঙ্গ কহে।
দিব্য মনোৰঞ্জ কথা পুনু পুণ্ডু হ'সে॥
ক্ষণে বিশ্ৰামিয়া পুনু ৰস কেলি কৰে।
সুৰতে বিৰত নোহে ৰসজ্ঞ নাগৰে॥
ৰতি সুপণ্ডিত কান্তা কান্ত দুই জন।
চক্ষুৰ পলক দুয়ো নোহে বিস্মৰণ॥
হেন কালে বৃক্ষে বশি ফেহু জালি দিল।
গগণে প্ৰভাতি তাৰা উদিত হুইল॥
এহি ৰূপে সুখে ভাসি ৰজনী পুহাইল।
নায়ক নায়িকা দুয়ো বিচ্ছেদ হুইল॥
নৰম স্কন্ধৰ পদ পুণ্য ভাগবত।
শঙ্খচূড় বধ নামে সমৰ উদ্যোগ॥