সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৪
চতুৰ্থ স্কন্ধ

এত কহি সেহি ৰাত্ৰি তথাতে ৰহিল।
কোমল তুলিত সুখে শয়ণ কৰিল॥
চন্দনে চৰ্চ্ছিত পুষ্প শয্যাৰ উপৰি।
নানা বিধ ৰত্ন ৰাজি মন্দিৰ ভিতৰি॥
ৰত্নৰ প্ৰদীপ মধ্যে স্ত্ৰৰত্ন সুন্দৰী।
সুখ সহবাসে পুহাইল বিভাৱৰী॥
কান্ত বুকে মুখ গুজি কান্দন্ত সুন্দৰী।
অলস ভৈলন্ত তনু অন্ন পানী এৰি॥
অতি শোক সাগৰত ডুবিল তুলসী।
পুনৰাপি শঙ্খ চুড়ে প্ৰবোধস্ত বসি॥
ভাণ্ডীৰ বনত পুৰ্ব্বে কৃষ্ণ ভগবান।
যিটো তত্ত্ব জ্ঞান উপদেশ দিল দান॥
সিটো সৰ্ব্ব শোক নাশী পৰম বিজ্ঞান।
এই বেলা তুলসীক তাহা দিল দান॥
দেহি জ্ঞান লভি দেবী সুপ্ৰ সম ভৈল।
ক্ষনিকতে সৰ্বব দুঃখ বিস্মৰণ ভৈল॥
প্ৰেমত দম্পতি ছুৰে ক্ৰীড়িবে লাগিল।
পুলকিত সৰ্ব্ব অঙ্গ মূৰ্চ্ছিত হুইল॥
কাম সুখে দুয়ো জন ভৈল নিমগন।
নিৰ্জনে কৰন্ত ৰতিকাম বিতোপন॥