পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৬
চতুৰ্থ স্কন্ধ

প্ৰেম ভক্তিৰস বিংশ অধ্যা তত্ত্ব সাৰ।
বোলা ৰাম ৰাম ডাকি সৰ্ব্ব মূলাধাৰ॥
শঙ্খচুড়ৰ যুদ্ধ উদ্যোগ।
নাৰায়ণ বদতি শুনিয়ো দেব ঋষি।
এহি ৰূপে সুখে যেবে পুহাইল নিশি॥
ভৈলন্ত উদিত সূৰ্য্য পূৰ্ব্ব দিশ হন্তে।
সংসাৰীৰ ৰাত্ৰি সুখ মাৰ্জ্জনা কৰন্তে॥
শ্ৰীকৃষ্ণৰ পাদ পদ্ম হৃদয়ত ধৰি।
শঙ্খচূড় উঠে শয্যা হন্তে গাৱ মুৰি॥
ব্ৰাহ্ম মুহুৰ্ত্ততে সুখ শয্যা পৰিহৰি।
উঠিল নৃপতি ইষ্ট দেৱ হৰি স্মৰি॥
শুদ্ধ জলে স্নানি ৰাত্ৰি বাস তিয়াগিল।
ধৌত বস্ত্ৰ পিন্ধি পাচে তীলক লইল॥
উজ্জ্বল তীলক কৰি ভ্ৰুবৰ মধ্যত।
আহ্নিক আচৰি ইষ্ট দেব পুজিলন্ত॥
দধি আমলকি মধু ঘৃত পূৰ্ণ পাত্ৰ।
নব ৰত্ন শঙ্খ মাঙ্গলিক বস্তু যত॥
দৰ্শন স্পৰ্শন কৈল ৰিতী ব্যবহাৰ।
ৰত্ন বজ্ৰ কাঞ্চন ভ্ৰাজন কুম্ভ যোৰ॥