পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৬
চতুৰ্থ স্কন্ধ।

একে বৈষ্ণবৰ তেজ তাতে বৰ প্ৰাপ্ত।
ত্ৰিদশৰ লক্ষ্মী তাঙ্ক কৰিছে ভুষিত॥
পাচে চিত্ৰৰথে ৰাজ ব্যৱহাৰ কৰি।
কহিবে লাগিলা শিব বাক্য হাত যুৰি॥

দূতবাক্য ও শিবৰ ৰণ সয্যা॥
পদ।

চিত্ৰৰথ বদতি শুনিয়ো নৰেশ্বৰ।
আমি শিব ভৃত্য ৰায় গন্ধৰ্ব্ব ঈশ্বৰ॥
পুষ্পদন্ত নাম মোৰ দূত হুই আইলো।
শঙ্কৰ বুলিল যিবা কহিবে খুজিলো॥
ৰাজা কহে যিবা খুচি কহিয়ো সাম্প্ৰত।
দূতৰ কহিবে বাধা নাহি শাস্ত্ৰমত॥
হেনশুনি পুষ্পদন্তে বুলিল প্ৰত্যুত।
কহিছন্ত সদাশিব তোমাৰেসে হিত॥
দেবতাৰ অধিকাৰ ৰাজ্য এৰি দেহ।
সকলে শৰণ লৈল শ্ৰীহৰিৰ পাশ॥
হৰি পাছে নিজ শূল শিব হাতে দিল।
শূল দিয়া শঙ্কৰক ৰণত পাঞ্চিল॥