পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৫
শ্ৰীদেবীভাগবত।

আজ্ঞা পাই দূতে তাঙ্ক সভাস্থলে নিল।
সভা দেখি চিত্ৰৰথ বিস্ময় মানিল॥
সভা মাঝে ৰত্নময় সিংহাসনো পৰে।
মানিক্য খছিত ছত্ৰ দণ্ড ধৰি শিৰে॥
কৃত্ৰিমৰ তলে পুষ্প ৰাশি বিখছিত।
চতুৰ্দ্দিকে বেঢ়ি তাঙ্ক কৰিছে শোভিত॥
তিনি কোটি মান সুবেশিত পাৰিষদ।
মাল্য গন্ধে লেপি শুক্ষ্ম বস্ত্ৰ পৰিহিত॥
শিৰে হেম ছত্ৰ ভৃত্য ধৰে সৰ্ব্বদায়।
শ্বেত চামৰত লয়লাসে ধুলাবয়॥
নানা বিধ ৰত্ন অলঙ্কাৰে দেহ ৰঞ্জি।
ৰাজাক আবৰি ভৃত্য সব আছে বসি॥
শত কোটি মান সৈন্যে অস্ত্ৰ শস্ত্ৰ লৈই।
ভ্ৰমণ কৰিছে তৈত ৰক্ষি বেশ হুই॥
ত্ৰিলোকৰ ৰাজ লক্ষ্মী তাহাক শোভিছে।
বৈকুণ্ঠ বিভূতি মুনি তাৰ ঘৰে আছে॥
এহি ৰূপ দেখি পুষ্পদন্ত গণপতি।
বিচিত্ৰ সৌভাগ্য দেখি সবিস্ময় আতি॥
গোপাল বদতি দেব বিস্ময় নামানা।
শ্ৰীহৰি পাৰ্ষদ তাৰ সম কোন জনা॥