পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৭
শ্ৰীদেবীভাগৱত।

পুষ্প ভদ্ৰাতীৰে বট মুলে ত্ৰিলোচন।
বসিআছে তৈত নৃপ তোমাৰ কাৰণ॥
তেঁহো কহি পঠাইছন্ত বিষয় দিবাক।
অথবা কৰহ যুদ্ধ মানি শিব বাক॥
ম‍ই গই শঙ্কৰক কিকথা কহিব।
এহি আজ্ঞা কৰা ৰাজা আমি চলি যাব॥
দূত বাক্যে শঙ্খচুড় দিল প্ৰত্যুত্তৰ।
বুলিলন্ত কোঁৱাগই স্থানে মহেশৰ॥
কালি প্ৰভাততে আমি যাব তান কাছে।
কৰিবন্ত শিব যাহা বাঞ্চে তাত পাছে॥
শঙ্খচূড় বাৰ্ত্তা শিবক জনাইল।
পুষ্প ভদ্ৰাতীৰে বটমূলে লাগ পাইল॥
হেনকালে স্কন্দ শিব সমীপে আসিল।
বীৰভদ্ৰ নন্দি সুভদ্ৰক মহাকাল॥
বিশ্বালাখ্য বাণ পিঙ্গলাখ্য বিকম্পন।
বিৰূপ বাস্কল মণিভদ্ৰ বিকৃতন॥
দীৰ্ঘদ্ৰংষ্ট্ৰা কপিল বিকট বলিভদ্ৰ।
কালকণ্ঠ তাম্ৰ নেত্ৰ কুটি কাল জিহব॥
বলোম্মতা ৰণ শ্লাঘি দুৰ্জয় দুৰ্গম।
একাদশ ৰুদ্ৰ অষ্ট ভৈৰব সাজন॥