পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৪
চতুৰ্থস্কন্ধ।

অতি উচ্চা কাশ ভেদি মনিধ্বজ শোভা।
গগণ পৰশি ধ্বজ কৰিছন্ত প্ৰভা॥
দ্বাৰ পাল ৰহে তাত দ্বাদশ দুৱাৰ।
ইন্দ্ৰমণি বিশোভিত একলক্ষ ঘৰ॥
প্ৰতিপন্থে ৰত্নৰ সোপান আছে সাজি।
[১]
সাৰি সাৰি ৰত্নময় স্তম্ভে আছে ৰঞ্জি॥
ৰাজ্য ভ্ৰমি চৌদিকি দেখিল পুষ্পদন্ত।
ক্ৰমে উপন্বিত ভৈলা দ্বাৰ সমীপত।
শূল হস্তে দ্বাৰপাল নিযুক্ত আছয়।
হাসি মুখ সৰ্ব্বদায়ে দুৱাৰ ৰাখয়॥
ভয়ঙ্কৰ বেশ তাম্ৰ বৰ্ণ পিঙ্গলাক্ষ।
তাৰ আজ্ঞা লই দ্বাৰে কৰিল প্ৰবেশ॥
তাৰ পৰে অন্য দ্বাৰে কেহো নবাঢ়িল।
ৰণ দূত বুলি সবে দ্বাৰ এৰি দিল॥
অভ্যন্তৰ দ্বাৰে পাছে কৰিল প্ৰবেশ।
তথাত দুৱৰী বাৰ্তা কৰিলন্ত পুচ।
ৰণৰ বৃতান্ত সব তাহাত কহিল।
দ্বাৰী গৈই শঙ্খচুড়ে সব নিবেদিল॥

  1. বৰ্তমান পঞ্জাব। অৰ্থাৎ পাচ-
    আপ (নদী) পাছত বাখ্যা হৈছে।