পৃষ্ঠা:শঙ্খচুড় বধ.djvu/২৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৩
শ্ৰীদেবীভাগবত।

বিচিত্ৰ নগৰ ইন্দ্ৰ পূৰ নোহে সম।
কুবেৰ নগৰো নোহে তাহাৰ উপাম॥
বিংশ ক্ৰোশ প্ৰস্থে, দীৰ্ঘে তাহাৰ দ্বিগুণ।
স্ফটিক নিৰ্ম্মিত গৃহাবলি সুশোভন॥
সুপ্তখান যমুনা সপ্তগঢ় উচ্চত্তৰ।
বেষ্টিত নগৰ বান্ধ অতি দৃঢ়ত্তৰ॥
কোটি কোটি কৃত্ৰিম ৰতনে বিখছিত।
অগ্নি সম জ্বলে পন্থাবলি শত শত॥
মনি মানিক্যত শোভা চিত্ৰবেদি সব।
নানাবিধ সৌধাবলি বিচিত্ৰ অপূৰ্ব্ব॥
সিন্দুৰ সদৃশ ৰক্তমণি নানা থানে।
দিব্য গৃহৰাশি শোভা শত কোটি মানে॥
তাৰ মধ্যে দেখে শঙ্খচূড়ৰ মন্দিৰ।
পূৰ্ণিমা মণ্ডল যেনে বৰ্ত্তুল আকাৰ॥
অগ্নিশিখা সম প্ৰকাশিছে হৰ্ম্ম্য ৰাশি।
মণিময় প্ৰস্তৰে নিৰ্ম্মিত অতি ৰশ্মি॥
চতুৰ্দিকে অগ্নিগঢ় তাত বান্ধি ছয়।
মিত্ৰৰ হুগম কিন্তু শত্ৰু নপাৰয়॥
গঢ় কাশৰীয়া সেনা ৰহে কোটি কোটি।
অযুতেক মানে দ্বাৰে থাকে মত্তহাতী॥